কবিতা

From Wikisource
Jump to: navigation, search
কবিতা
by লক্ষ্মীনাথ বেজবৰুৱা
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা

কাব্যং ৰসাত্মকং বাক্যং| অৰ্থাত্‍ ৰসাত্মকং বাক্যং কাব্যং| ৰসাত্মকং বাক্যং যদি কাব্যং হৈছে, তেন্তে কাব্যং বৰবৰুৱায়াং বাক্যং| আৰু বৰবৰুৱায়ায়াং বাক্যং সংস্কৃতং; কিয়নো, বৰবৰুৱাই প্ৰমাণ কৰিব পাৰেং যে কাঁহ, ঘণ্টা, খোল আৰু মৃদঙ্গৰ মাতং সংস্কৃতং|

বোলে কাব্যৰ ৰস ৯টা| ভু| ১৮টা| যাথা:-বীৰ, ৰৌদ্ৰ, ভয়, কৰুণা, বিভত্স, শান্তি প্ৰভৃতি ৯টা ৰস; আৰু পাণৰ ৰস, মাটিকাঁদুৰীৰ ৰস, নেমুটেঙাৰ ৰস, মৌ ৰস, প্ৰভৃতি ৯টা| বীৰ ৰস প্ৰভৃতিৰ কথা এটায়ে জানে, সেই দেখি তাত বাক্যব্যয় বা কাব্যক্ষয় নকৰি বাকী ৯টাৰ ভিতৰৰ দুটা এটাৰ বিষয়ে কিঞ্চিত কওঁ| কাৰবাক ভাবি চিন্তি যদি ৰাতি তোমাৰ টোপনি নাহি পাছদিনা পেটৰ অসুখ কৰে তেনেহলে পাণৰ ৰসত দুফাকিমান কবিতা মাৰি ”অচ্যুতানন্দ গোবিন্দং নামোচ্চাৰণ ভেষজা| নশ্যন্তি সকলান ৰোগাণ সত্যং সত্যং বদামাহং|” এই মন্ত্ৰ মাতি খাবা; তোমাৰ পেটৰ অসুখ ভাল হব, মূৰফুৰণি গুচিব, আৰু ভাত-পানীত ৰুচি জন্মিব|

ভোকত ভাত, পিয়াহত পানী নেপালা; তুমি পিত্তাল মানুহ, পিত্ত উজাৰ খালে, লৰালৰিকৈ মাটিকাঁদুৰীৰ ৰস বা পটলৰ পাতৰ ৰসত দুগৰাহমান জহা চাউলৰ ভাতৰ কবিতা সানি ভোজন কৰিবা; তেতিয়াই অলপ সকাহ পাবা| খোৱাৰ আগেয়ে নাগকূৰ্ম্মাদিক দিয়া আৰু পঞ্চগ্ৰাস কৰা তোমাৰ পক্ষে অপথ্য; কাৰণ তুমি পিত্তাল মানুহ, তুমি বুজিবাজি চলিব লাগে|

কোনো লোকৰ গাত, কোনো সমাজৰ গাত, বা কোনো জাতিৰ গাত যদি তুমি ঘা দেখিলা, তেন্তে ততালিকে নেমুটেঙাৰ ৰসত বিদ্ৰুপাত্মক বা ব্যঙ্গসূচক কবিতা খৰাই তাত চটিয়াই দিব পাৰা| এই ঔষধ প্ৰয়োগ কৰা বাবে যদি ৰোগীয়ে বৰকৈ চেঙালুটি পাৰে, তেনেহলে তেওঁৰ কাণৰ ওচৰত ’সহিলে সম্পদক পায়’; আৰু ”ধৈৰ্য্যগুণ বৰগুণ” সোৱঁৰাই তুমি ঠাইতে আঁতৰ হবা; নাইবা তেওঁক কান্ধত লব লাগিব জানিবা|

মৌ-ৰসত মাৰি সকলো ৰকমৰ কবিতা সকলোকে সেৱন কৰাব পাৰি| ই সৰ্ব্বঢাক; বাতৰিকাকত মাহেকীয়া কাকত য’তে ত’তেই প্ৰাপ্তব্য| কেতিয়াবা মৌ নোপোৱা যদি ”মধ্বাভাবে গুড়ং দদ্যাত্‌” বাক্যং বা কাব্যমস্তি|

আৰু সৰহ বেলি আমি কাব্যৰসত জোবোৰা নেখাওঁ, ৰসৰ পৰা বগাই উঠি পাখি ৰদোৱা যাওক| কবি যিমনবিধ, কবিও সিমান বিধ| কথাটো অলপ বিয়লাই কওঁ| অৰ্থাত্‌ কবি শাক যত প্ৰকাৰৰ কবিও তত প্ৰকাৰৰ আছে| চুটীকৈ দুবিধ এবিধৰ কথা কোৱা যাওক| এবিধ কবি আছে, তাক বন্ধা কবি বোলে| এই বিধ কবিৰে আমাৰ ”বঘাসুৰ বধ,” ’কূলাচলবধ’ ৰচোঁতা কবিৰ তুলনা হয়| বন্ধা-কবি, যাক ইংৰাজীত দ্ৰম্‌হেড্‌ বোলে, দুটা দুফালে দিলে এখন মেট্‌মৰা ভাৰ হয়; বঘাসুৰবধ আৰু কূলাচলবধ পুথি দুখন দুফালে দিলে ভাৰীয়ে কোনোমতে ভাৰখন দাঙিব পাৰেহে! দ্ৰম্‌হেড্‌ কবিৰ ভিতৰে পাতহে পাত মেৰহে মেৰ, তাৰ অন্ত নাই; বঘাসুৰবধ আৰু কূলাচলবধ পুথি ৰচোঁতাৰ পেটত নো কিমান পাত কিমান মেৰ, বঘাসুৰ আৰু কূলাচল পুথিয়েই তাৰ সাক্ষী|

আৰু এবিধ কবি আছে, যাক ফুল-কবি বুলিব পাৰি| আজি এপাহি, কাইলৈ দুপাহি, অ’ত এপাহি, ত’ত দুপাহি, আজি এটি কবিতা, কাইলৈ দুটি কবিতা, আজি বাতৰি কাকতত চাৰি ফাকি, কাইলৈ মাহেকীয়া কাকতত বাৰ ফাকি| গুৰিৰ ফালে যেইকিবা নহওক ফুলৰ ফালে ঠিক আছে| ইয়ালৈ ভাবিব নালাগে, চিন্তিব নালাগে, মুঠেই লেখিবা আৰু ছপাবা|

ওল-কবিৰ শ্ৰেণীৰ এবিধ কবি আছে, তাৰ ওপৰ ফালে চোৱা যদি একোৱেই নাই, জুটুলাপুতুলা; কিন্তু তললৈ মন কৰা, গোট কবিতাৰ লাড়ুটো| এই বিধৰ কবিয়ে কাকতে-পত্ৰই এফাকি কবিতা লেখা দেখা নাযায়; কিন্তু ভিতৰি তেওঁ কবিতাৰ কোঁহটো| ’মস্ত’ কবি! ভইব কবি! আকোঁৱালে নোপোৱা কবি! এই শ্ৰেণীৰ কবিৰ প্ৰতি বৰবৰুৱাৰ বৰ ভক্তি , বৰ প্ৰীতি, তেওঁবিলাক ’অগাধ জল সঞ্চাৰী ৰোহিত’| ৰৌমাছৰ মূৰ এৰি পুঠিমাছৰ কাঁইট চোবাই মৰিবলৈ বৰবৰুৱা একো আপদত পৰা নাই|

তলে তলে বৰবৰুৱা যে ভয়ঙ্কৰ কবি এই কথা কোনেও নেজানে| নেজানে নেজানক তাত বৰবৰুৱাৰ অণুমাত্ৰকো হানি নাই| লোকে শুই থাওক, তলে তলে বৰবৰুৱাৰ কবিতাৰ বৰ আলু বাঢ়ি থাওক| আঙঠা এডোখৰ কাপোৰ দি ঢাকি কোনেও ৰাখিব নোৱাৰে| বৰবৰুৱাৰ কবিতাৰ আঙঠা আজি নহয় কাইলৈ, কাইলৈ নহয় পৰশুইলৈ ওলাবই ওলাব, তাৰ ভুল নাই| আজিকালি কাকত কিতাপত কবিতা নেলেখিলে মানুহে কবি বুলি স্বীকাৰ নকৰে| দুৱাৰ-চুকে পানীপোতায় খেৰতলে বাঁহতলে যে কত কালিদাস ভৱভূতি আছে তাক কোনেও নেজানে| মনুষ্য সমাজৰ ইমান দূৰ অধোগতি দেখি বৰবৰুৱা অবাক! বৰবৰুৱাই জানো মন কৰিলে বাতৰি কাকতত কবিতা লিখি বিখ্যাত হৈ যাব নোৱাৰে? আমুকাৰ পক্ষে তেনেবিলাক ক্ষুদ্ৰাদপি ক্ষুদ্ৰ কাম| কিন্তু বৰবৰুৱাৰ তো আত্মসন্মানৰ (Self-respect) জ্ঞান নাইকিয়া হোৱা নাই: তেওঁ তেওঁৰ আত্মসন্মান সোপাকে কলঙৰ সোঁতত উটাই দি বজৰুৱা কাকতত কবিতা লেখি বজৰুৱা কবি হব লাগিব নে কি? ”ইম্‌পচিবোল” অসম্ভৱ! লোকে বৰবৰুৱাক মান কৰক নকৰক তেওঁ যে নিজে নিজক মান কৰে তাৰ সন্দেহ নাই|

আজিকালি কবি আপোনগুণে কবি হয় নে বিষয় (Subject) গুণে কবি হয়? বিষয় গুণহে| ফুল, ফুলনি, কুলি, মলয়া, কপৌ, চন্দ্ৰ, পদুম, ভেট, হাঁহি বিলাপ প্ৰভৃতি কিছুমান কথা আৰু বিষয় আছে, যিবিলাক গয়াঁ মানুহে পাতক নেপাতক আপুনি গাওঁবুঢ়া, অৰ্থাত্‌‍ যিবিলাক নিজগুণেই কবিতা| কবিয়ে, অৰ্থাত্‌ আজিকালিৰ নামধাৰী কবিয়ে সেইবিলাককে ইফাল-সিফাল কৰি কছুগুটি খেলি কবিতা খেলাৰ বাহাদুৰী লয় মাত্ৰ| অৰ্থাত্‌ জানিবা শ্ৰীযুত কপৌ ডেকা মহাজনক ঘোৰামৰা সত্ৰৰপৰা ভেচেলি মৰা সত্ৰলৈ অধিকাৰ পাতি পঠিয়ালে; চন্দ্ৰবাবু চতুৰ্থ শিক্ষকক তেজপুৰৰ স্কুলৰ পৰা যোৰহাটৰ স্কুললৈ বদলি কৰি তেওঁৰ ঠাইত যোৰহাটৰ পৰা শ্ৰীযুত হামিৰাম হাজৰিকাক আনি খাজিলে; ডিবৰুৰ ছোৱালী-স্কুলৰ মাষ্টৰণী মিচ মলয়া দাসক ধুবুৰীলৈ পঠিয়াই তাৰপৰা শ্ৰীমতী বিলাপবালা বাগচীক নি ডিবৰুত দিলে, কুলি কানুনগুক ৰঙামাটিৰপৰা গুৱাহাটীলৈ বদলি কৰি ভেট ভড়ালী বৰুৱা পেস্কাৰক গুৱাহাটীৰ পৰা ৰঙামাটিলৈ পঠিয়ালে; এনে বিধৰ ব্যৱস্থা| এইবিলাক বিষয়ে কবিতাৰ মলা-চৰু লৈ মথুৰা পাগ মাৰি আদি কবি বাল্মীকিৰ দিনৰেপৰা কবিতা গাওঁবুঢ়া বা কবিতা-বৰমেধী হৈ আছে; তাক আৰু তুমি-কবি, আমি-কবিয়ে নিমন্ত্ৰণ কৰি ’ৰসাত্মকং বাক্যং’- বৰ সবাহৰ আগ শাৰীত বহুৱাত যশস্যা ক’ত? বাৰু তুমি যদি সঁচাসচিকৈয়েই কবি, তেন্তে বিলাতী কবি পোপৰ দৰে তিহু শহাপহুৰ বিষয়ে বিষয়ে কবিতা লেখি ওপৰত কোৱা ১৮টা ৰসৰ নিচিনা ৰস বোওৱাঁচোন চাওঁ? সৰু কথাত ডাঙৰ ভাবৰ ”পয়দা” কৰিব যি সি হে কবি| বৰবৰুৱাৰ পৰামৰ্শ এই:-অসমত এণ্ট্ৰেন্স পৰীক্ষাৰ লগতে বছৰি বছৰি কবিতাৰ পৰীক্ষা হওক| বাঢ়নি, সোতা, ঢেঁকী, উৰাল, শোৱা-পাটী, ভাত-চৰু, গা-টোকা গামোছা, তামোলৰ বঁটা, সেন্দুৰৰ টেমা, কেটেলা পহুৰ কাঁইট, গোবৰ, ব-চুঙা, তাঁতশাল, তেল পেৰা পলা, খলিহৈ, ইত্যাদি বিষয়ৰ উত্‌কৃষ্ট ডাঙৰ ডাঙৰ ভাবৰ ”পয়দা’ হোৱা কবিতা লেখিবলৈ চৰ্কাৰৰ ঘৰৰপৰা প্ৰশ্ন দিয়া হওক| এই পৰীক্ষাত যি যি উত্তীৰ্ণ হয়, তেওঁবিলাকক যোগ্যতানুসাৰে, কবি-ঢেকী, কবি-চুঙা, কবি-টেমা, কবি-খলিহৈ, কবি-গোবৰ বা কবি-গোবৰ্দ্ধন উপাধি দি চিহ্নিত বা ছাব-মৰা কবি পতা যাওক| এনে উপায় অৱলম্বন নকৰিলে ধানপুৰীয়া প্ৰকৃত কবি পাতৰ তলতে লুকাব আৰু ফুতে-উড়া মেমেৰা কবি ভোটাতৰা জ্বলাদি জ্বলিব| আৰু এনে এটা কিবাকিবি নহলে বৰবৰুৱাই সত্যে কৈছে কবিতা নেলেখে|

গুৰীয়াল নহলে নাৱৰ মৰণ; বৰবৰুৱা নহলেও অসমীয়া কবিতাৰ মৰণ নিশ্চয়| গতিকে কৃপাবৰে কবিতাৰ গুৰি-বঠা হাতত লব লগাত পৰিল| সেইদেখি তেওঁ কেনেকৈ কবিতা লেখিব লাগে তলত তাৰ গোটাচেৰেক আৰ্হি দিলে|

(ক)

ৰাঙ্গলি হাঁহিটি,       সোণালি আকাশে
      মলয়া বলিছে ঘনে,
কুউ পঞ্চমত       কুলিয়ে মাতিছে
      ফুলনি ফুলিছে বনে||
যুতি জাতি জাই        মালতী মধাই
      ভোমোৰা কলীয়া গুঞ্জে|
তৰু লতা কুল       ৰঙ্গত বিভোল,
      মৌ-পিয়া পিয়ে কুঞ্জে||
চন্দ্ৰৰ হাঁহিটি,       ভেটৰ পাহিটি,
       পদুম সূৰ্য্যৰ প্ৰেম|
নিজম পৰত        নিজনি বিলত
      বাঁহী বাজে গ্ৰেম্‌ গ্ৰেম্‌|
বসন্ত মিলিল,       সখি যে নাহিল,
       প্ৰিয়া হিয়া যায় ভাগি|
ভাল পাওঁ দেবি,       যাওঁ পমি গলি
       মইনা মৰম লাগি||
উষাৰ সঙ্গীত,       চৰাইৰ গীত
       বিজুলী তৰাৰ মাজে|
যেনে মুকুতাৰ        মণি জিলিকিছে
       জোনাকী পৰুৱা বাজে||
কপৌ কপৌৱনী        মধুৰ হাসিনী
       কুৰু কুৰু মুখে মুখে,
বনৰ হৰিণী        কান্দে ৰিণি ৰিণি
       যেনে বীণা বাজে দুখে||
সখি ঐ নেচাবাঁ,        কাষলৈ নাহিবাঁ,
       দেই পুৰি মাৰে বুকু,
ভজা ভাই ভজা,       নকৰিবা হেলা
       ঈশ্বৰত ৰাখি চকু||

(খ)

গৈছিলোঁ এদিন গধূলি সখি ঐ নেপালোঁ দেখা|
কত দুখ বেজাৰে মৰোঁ সখি,
নেৰা-নেপেৰা সখি হৃদয় পটত লেখা||
ভাল পোৱা নাই সংসাৰত, কলৈ যাম,
কি কৰিম, তপত খোলাত পাৰোঁ চেঙালুটি|
দিন ৰাতি নেযায় নুপুৱায় তোমাতে ধাউতি||

(গ)

চিকুণ তৰাটি|
চিকুণ লতাটি||
চেনেহ চুমা|
সাবটি উমা||

(ঘ)

উঠা অসমীয়া|
উঠা কানীয়া||
আত্মোত্‌সৰ্গ কৰাঁ||
জাতীয়-পতাকা ধৰাঁ||
বেলি দুপৰ হ’ল|
হালোৱা পথাৰলৈ গ’ল||
জাতীয়-সঙ্গীত গোৱাঁ|
এলাহ টোপনি থোৱা||
কু-সংস্কাৰ এৰাঁ|
ধোৱাঁখোৱাঁ ধৰাঁ|
নুঠিলি নে অসমীয়া?
সঁচাই বুলিছ নে কানীয়া?
ওচৰ চাপি যাব দিছ নে ভঙ্গুৱা?
এখুন্দা দিম নে বৰিয়া?
চকু মেলি চা!
কুহিঁয়াৰ এচকল খা||
পূবে পশ্চিমে|
উত্তৰে দক্ষিণে||
মান্দ্ৰাজী বঙ্গালী|
পঞ্জাবী গুৰ্খালী||
পটুৰ্গীচ মাৰ্কিন|
ইংৰাজ চীন||
উঠ অসমীয়া|
কটা বৰ কানীয়া||
কাণত দিম পানী বাকি|
মুখত ল পাণৰ চাকি||

লোকে কবিতাক কাব্যং ৰসাত্মকং বাক্যকেই বোলক বা লাই শাকৰ জোলকেই বোলক, বৰবৰুৱাই হ’লে তাক পঁচি খেলা কড়ি নুবুলি কোনোমতেই থাকিব নোৱাৰিলে| ওপৰত লেখ দিয়া ’বসন্ত’ ’কুলি’ প্ৰভৃতি কথাবিলাক ডাঙৰ-সৰু অনুসাৰে বামুণ-কড়ি আৰু গাঁথি-কড়ি নহয় কি? তুমি ডেকা মানুহ, তোমাৰ হাত ডাঙৰ হৈছে, তুমি দীঘলকৈ ঢাল পাতি, বসন্ত, ময়না, কুলি, ফুল, পদুম, চন্দ্ৰ এই ছটা ডাঙৰ বামুণ-কড়ি লৈ ডথালি এটা কাণ-তাল-মৰা এটাহ লগাই পঁচি মাৰি দিয়া, দেখিবা সুন্দৰ কবিতাখন খাই পৰিল, তোমাৰ কবিতা পঢ়ি তাৰ গুণত মোহ গৈ ভাবত ভোল হৈ কত অমুক পাঠক, তমুক পাঠিকা, ভচুক লেখক আৰু তহুক লেখিকা বলিয়া হৈ ফুৰিছে| মই ইস্কুলীয়া লৰা, বয়স ১৫/১৬, ইউক্লিডৰ জিয়েমেট্ৰিৰ পঞ্চম আৰু চতুৰ্থ প্ৰতিজ্ঞাৰূপী ভলুকা বাঁহৰ টোকোনৰ প্ৰহাৰত ইস্কুল তোমাৰ পক্ষে যমৰ দক্ষিণ দুৱাৰ হৈছে, বাৰু একো কথা নাই, চিন্তা নকৰিবা, ভেট, হাঁহি, বিলাপ (বিধৱাৰে বা সধৱাৰে, তেও বিধৱাৰ হলে ভাল) মন, সখি আৰৌ কপৌ এই কেটা গাঁথি-কড়ি লৈ যোৱাঁ, মুঠি মাৰি ধৰি ঢালত ঠেকেছা মাৰি দহ বুলি পেলাই দিয়া, দহ নেখায় যদি তেও কবিতাৰ ছয়খন খাবহে| বিশেষ সাহিত্য-বজাৰত যদি কিবা সস্তা শাক-পাচলি আছে, তেন্তে সি কবিতাৰ বৰ-বেঙেনা| ভাবিব নেলাগে, চিন্তিব নেলাগে, শ্ৰীদামচন্দ্ৰ বৰুৱাৰ পৰা ফোকোন্দ চন্দ্ৰ কলিতালৈকে সকলো কবিয়ে এপইচা পেলাই দিলেই এজোকা পাব|

বৰবৰুৱাই আজি এধা পইচা এটা ভাঙ্গি এইজোকা কবিতা-বৰবেঙেনা কিনি আনিছে, কাৰবাক লাগিলে দুটা এটা নিব পাৰে; কিন্তু শাস্ত্ৰত কৈছে ”বতৰা এটি কৈ যোৱাঁ| ঢেকিঠোৰাটি লৈ যোৱা||” সেইদেখি বৰবৰুৱাইও কয়—”কবিতা বৰ বেঙেনা এটি লৈ যোৱা; কিন্তু গোটেই জোকা বেঙেনা জাত লগাই এবাৰ পঢ়ি যোৱা||”—

শুনা হেৰা ককাই!
হাতত লৈ কাৰফাই
মাৰাঁ বালিচৰাই||
বগৰি দগৰি আহিল কাহ|
ভাগৰি-ছাগৰি বাৰ মাহ|
কেনে ছন্দ|
লণ্ড-ভাণ্ড||
হ’ল মণ্ড|
খণ্ড খণ্ড||
কবিতাৰ কথা অতি অমৃত সমান|
কিৰিপ আচাৰ্য্যে কয় শুনে পুণ্যবান||
ইতি
স্থিতি||
কবিবৰ|
কৃপাবৰ||